#টনছিলাইটিছ
টনছিলাইটিছ শব্দটো নুশুনা ব্যক্তি খুউব কমেই উলাব। এই টনছিল শব্দটোৰ সৈতে আমি প্ৰত্যকেই কম বেছি পৰিমাণে পৰিচিত। আমি প্ৰত্যকেই জীৱন কালত কম বেছি পৰিমণে হলেও টনছিলৰ সমস্যাত ভুগিছো। টনছিলৰ সম্পৰ্কে আকৌ কোনো কোনোৱে ধাৰনা কৰে যে টনছিল এনেকুৱা এটা বস্তু যিটো আমাৰ প্ৰতিজন ব্যক্তিৰে ডিঙিত থাকে আৰু ঠাণ্ডা পানী খালে বা ঠাণ্ডা খাদ্য খালে, কলডিং খালে, বা ঠাণ্ড বতাহ লাগিলে সমস্যা বৃদ্ধি হয় আৰু অপাৰেচন কৰি কাটি পেলাই দিলেই যেন সকলো সমস্যা শেষ। আচলতে ই এটা অতি ভুল ধাৰনা।
#টনছিলকি?
জিভাৰ শেষ প্ৰান্তৰ তলত বাওঁ আৰু সোঁ ফালে দুই কাষে বাদাম গুটিৰ দৰে প্ৰায় ১.৫ চেন্টিমিটাৰ আকাৰৰ ৰঙা ৰঙৰ মাংস পিণ্ডকে টনছিলন বুলি কোৱা হয়। ইয়াক দেখাত মাংস পিণ্ডৰ দৰে লাগিলেও ই লসিকা কলা বা লিম্ফনোড কলাৰ দ্বাৰা গঠিত হয়। মুখগহ্বৰ দুয়ো কাষে দুইটা টনচিলৰ অবস্হান। ই মুখ, ডিঙি, নাক অথবা চাইনাচৰ দ্বাৰা ৰোগৰ জীৱানু অন্তঃত বা পেটত প্ৰৱেশ কৰা বাধা দিয়ে অৰ্থাৎ ৰেগৰ প্ৰতিৰোধী ক্ষমতা তৈয়াৰ কৰে
টনছিলাইটিছত যেতিয়া আমাৰ দেহত প্ৰৱ্শ কৰা বেক্টেৰিয়া, ভাইৰাচ, পেৰাচাইট আদি বোৰ ধংস কৰিবলৈ গৈ টনছিল গন্থী নিজেই আক্ৰান্ত হৈ পৰে বা ইয়াত ইনফেকচন বা সংক্ৰামনৰ সৃষ্টি হয় আৰু টনছিন গন্থী ফুলি উঠি, বিভিন্ন সমস্যা সৃষ্টি কৰে এই অবস্থাটোকে টনছিলাইটিছ বা সাধাৰন ভাষাত টনছিলৰ সমস্যা বুলি কোৱা হয়। বাৰিষা কালত এই টনছিলৰ সমস্যা অধিক হোৱা দেখিবলৈ পোৱা যায়। টনছিলাইটিছ ৮৫% ভাইৰাচ সংক্ৰমন জনিত। যি সকল ব্যক্তিৰ ৰোগ প্ৰতিৰোধী শক্তি কম বা ঠাণ্ডা সহ্য কৰিব পৰা ক্ষমতা কম তেনে ব্যক্তিৰ ভাইৰাচৰ আক্ৰমন বেছি হয়।
টনচিললাই সাধাৰনতে দুই ধৰনৰ হয়ঃ
১)একিউট বা তীব্ৰ
২)দীৰ্ঘকালিন অথবা ক্ৰনিক।
DR. HARIS WELL FUTURE
drhariswellfuture
-~-~~-~~~-~~-~-
Please watch: "ছাইনোছাইটিছ কি? কিয় বাৰে বাৰে চৰ্দি কাহ হয়? মাথাৰ প্ৰচণ্ড বিষ হয়? Dr Haris Well future"
https://www.youtube.com/watch?v=xRWur...
-~-~~-~~~-~~-~-
টনছিল কি? || টনছিলাইটিছৰ চিকিৎসা || Dr Haris Well future | |
| 598 Likes | 598 Dislikes |
| 13,981 views views | 74,921 followers |
| Education | Upload TimePublished on 11 Dec 2018 |
No comments:
Post a Comment